Thursday, February 12, 2015
বাগৰী
বাগৰী হৈচে কাজিৰঙাৰ পশ্চিম ফালৰ বনাঞ্চল। ইয়াক ইংৰাজীত ৱেস্তাৰ্ন-ৰেঞ্জ বুলিও কোৱা হয়। কাজিৰঙা চাবলৈ যোৱা সকলৰ বাবে মূলতে চাৰিটা বাট থিক কৰি থোৱা আছে। সেই কেইটা হ’ল - কহৰা, বাগৰী, বুঢ়াপাহাৰ আৰু অগৰাতলি। চাৰিওটা ৰেঞ্জ দেখাত বেলেগ বেলেগ আৰু প্ৰতিতোৰে এটা নিজা বিশেষত্ব আছে। বাগৰী ৰেঞ্জ চাবলৈ হাতী আৰু জিপ চাফাৰিৰ সুবিধা ল’ব পাৰি। ইয়াত হাতী চাফাৰিত উঠিবৰ বাবে বহুত দিনৰ আগতে বুক কৰিব লাগে। যঠেষ্ট ভিৰ হোৱাৰ বাবে আগতে বুক কৰা সকলেহে চিত পাই। পৰ্যটক সকলৰ মতে বাগৰী ৰেঞ্জটো দেখাত বেছি ধুনিয়া। ওখ গছ-গছনি আৰু ইকৰা আদিৰে ভৰা প্ৰকৃত জঙ্ঘ্ল যেন লাগে। যঠেষ্ট পৰিমাণৰ গঁড় দেখিবলৈ পোৱাৰ উপৰিও, হৰিণা, ম’হ, বনৰীয়া হাতী, আন দেশৰ চৰাই, মাছেৰে ভৰা বিল, গুঁই আৰু কেতিয়াবা কেতিয়াবা বাঘো দেখিবলৈ পোৱা যায়। হাতীৰে গলে গড়, হৰিণা আদি ওচৰৰ পৰা পৰিলক্ষিত হয়। যদি সময় লৈ ফটো তোলাৰ মন আৰু জন্তু আৰু প্ৰকৃতি ভাল দৰে নিৰীক্ষণ কৰিবলৈ মন যায় তেন্তে জিপ চাফাৰিত গলে ভাল।
Subscribe to:
Posts (Atom)